Sunday, August 25, 2024

গৌৰৱ| lesson 3| easy answerr|

                'গৌৰৱ'

                                     কালিৰাম মেধি 




 অতি চমু প্ৰশ্ন (মূল্যাংক -১)    


১ । কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা ৷

উত্তৰঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম 'অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব' ।



২। 'ডিভাইন কমেডি’ কাৰ ৰচনা?

উত্তৰঃ 'ডিভাইন কমেডি’ ডাণ্টেৰ ৰচনা ৷



৩ । নেপোলিয়ন বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল ?

উত্তৰঃ নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ বীৰ আছিল।



৪। মৈথিলী জৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ 'টনাটনি’ কৰে ?

উত্তৰঃ মৈথিলী জৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ 'টনাটনি’ কৰে ৷



৫। জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে?

উত্তৰঃ জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে৷



 চমু প্ৰশ্ন (মূল্যাংক -২/৩) 

১। সৌভাগ্যৰপৰা গৌৰৱ কেনেকৈ ওপজে ?

উত্তৰঃ সৌভাগ্যৰ বাবে উচ্চবংশৰ মৰ্যাদা,ধন-সম্পতি আৰু মান-মৰ্যাদা লাভ কৰে৷ এজন ধনী ব্যক্তি বা উচ্চবংশৰ লোকক বৰ্তমান সমাজত এক শ্ৰেণীৰ লোকে যথেষ্ট মান সন্মান কৰে৷



২ । ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্হায়ী হয়নে ? বুজাই লিখা ৷

উত্তৰঃ ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্হায়ী নহয়৷কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপৰো পতন ঘটে ৷



৩। বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে ?

উত্তৰঃ বিশ্বামিত্ৰৰ দুখৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছে ৷



৪। শুদ্ধোধনৰ নাম মানুহে কিয় জানে?

উত্তৰঃ শুদ্ধোধন বুদ্ধৰ বাপেক হোৱা বাবে মানুহে জানে ৷



৫। দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে?

উত্তৰঃ দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে ৷



 দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫) 

১। "ধনেই ধৰ্মৰ মূল,মন নহ’লে যায় জাতি কুল" -কথাষাৰ বুজাই লিখা৷


উত্তৰঃ ধন-সম্পতি এনেকুৱা এটা নিচা যাৰ বাবে মানুহে নিজক লৈ গৌৰৱ,অহংকাৰ কৰে ৷ তেওঁলোকৰ মানত ধনেই সৰ্বেসৰ্বা ৷ ধন থাকিলে সকলো বস্তু কিনিব পাৰি অথচ মান-সন্মানকো নিজৰ কৰি ৰাখিব পাৰে ধনৰ বলত৷ধন থাকিলে বন্ধু লগত থাকে,সেয়া লাগিলে স্বাৰ্থপৰ ব্ন্ধুৱে হওঁক ৷ ধনীক সাধাৰণ মানুহে ভয় কৰে,ভক্তি কৰে আৰু সন্মান কৰে ৷ সেয়েহে কোৱা হৈছে,"ধনেই ধৰ্মৰ মূল,মন নহ’লে যায় জাতি কুল"৷



২। 'গৌৰৱ' প্ৰৱন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে? 

উত্তৰঃ প্ৰকৃত গৌৰৱৰ কাৰণ জ্ঞান,আত্মসংযম আৰু আত্মদানৰ পৰা ওলায় ৷ এই গুণবিলাকে মানুহক অমৰ কৰে৷ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্ৰহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মদান ইতিহাসৰো গৌৰৱৰ বিষয় ৷ ছেক্সপীয়েৰ, কবীৰ, শংকৰদেৱ, মাধৱদেৱ, কালিদাস, ব্যাস আদিৰ ৰচনাৰাজিয়ে আজিও গোটেই বিশ্বত স্থান দখল কৰি আছে ৷ এই গৌৰৱৰ কাৰণ স্বৰ্গীয় আৰু চিৰস্থায়ী ৷



৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা- "বিজেতাই মানুহক হে পৰাস্ত কৰে,মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে"৷

উত্তৰঃ উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত 'গৌৰৱ' পাঠটোৰপৰা তুলি দিয়া হৈছে ৷

     বলীয়ে নিজৰ দেহৰ বলত সকলো জয় কৰিব পাৰিলেও কিন্তু মন জয় কৰিব নোৱাৰে ৷ উপৰোক্ত বাক্যফাঁকিয়ে তাৰেই অৱতাৰণা কৰিছে ৷



    বল হ’ল শৰীৰৰ এটি গৌৰৱৰ কাৰণ৷বলে মানুহক সাহস, স্ফূৰ্তি আৰু আনন্দ দিয়ে ৷বল থাকিলে মানুহে আনৰ ওপৰত প্ৰভুত্ব চলাব পাৰে আৰু আনৰ পৰা ভয়,ভক্তি আকৰ্ষণ কৰিব পাৰে ৷ দেশ জয় কৰা বীৰসকলক গৌৰৱৰ পাত্ৰ বুলি ভবা হয় ৷ কিন্তু বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে, তৃতীয় দিন আনে জয় কৰি লয় ৷ আলেকজেণ্ডাৰে দেশ জয় কৰিছিল, কিন্তু প্লেটোৱেহে মানুহৰ মন জয় কৰিছিল৷নিউটন, ডাৰউইনৰ নিজৰ ভাব আনৰ মনত সুমুৱাই দি আনৰ মন জয় কৰিছে আৰু তেওঁলোকৰ নিচিনাকৈ ভাবিবলৈ সমৰ্থ কৰাইছে ৷ চুকাফা আৰু নৰনাৰায়ণৰ ৰাজ্য নাই কিন্তু শংকৰদেৱৰ ৰাজ্য কোনেও ধ্বংস কৰিব পৰা নাই৷আকবৰৰ ৰাজ্য কেতিয়াবাই চাৰখাৰ হ’ল কিন্তু গৌতম বুদ্ধৰ হোৱা নাই ৷ সেয়েহে কোৱা হৈছে, "বিজেতাই মানুহক হে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে"৷


৪। জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে? বুজাই লিখা৷

উত্তৰঃ জন্ম,ধন আৰু মান সৌভাগ্যৰপৰা আহে৷জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী নহয় ৷ ধন থাকিও যদি প্ৰয়োজনত খৰচ কৰা নহয়, দান কৰা নহয়, ধাৰ নিদিয়ে তেন্তে সেই ধন কি কামৰ ? টকা থাকে মানে বাহিৰৰ পৰা মান-সভ্ৰম নিজেই আহি লগ ধৰে ৷ সংসাৰত আহি যদি সৎ কৰ্ম নকৰি অসৎ কৰ্মত ধন ভাঙিব লগা হয় এই কু-সংগীবোৰৰ পৰা বাচি থাকিব নোৱাৰিলে ধন আৰু মান কেতিয়াও স্থায়ী হৈ থাকিব নোৱাৰে ৷



৫।প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা৷-

 "ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে৷" 

উত্তৰঃ উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত 'গৌৰৱ' পাঠটোৰপৰা তুলি দিয়া হৈছে ৷

        ৰূপে মানুহক কিদৰে নিজৰ মায়াজালত বন্দী কৰিব পাৰে তাৰে অৱতাৰণা উপৰোক্ত বাক্যফাঁকিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে ৷

       শৰীৰৰ এটা প্ৰধান অংশ হ’ল ৰূপ ৷ ৰূপৰ সহায়তো মানুহে জগত জিনিব পাৰে ৷ মহাদেৱৰ নিচিনা প্ৰধান যোগীকো ভগৱানৰ বিশ্ব-বিমোহন ৰূপে বলিয়া কৰিছিল ৷ ৰাম-ৰাৱণৰ যুদ্ধৰ কাৰণো সীতাৰ ৰূপ-লাৱণ্য ৷ গ্ৰীক-ট্ৰজান যুদ্ধৰ কাৰণ ৰূপ৷ডাণ্টেৰ 'ডিভাইন কমেডি' ৰূপৰ পৰাই ওলাইছে ৷ হিৰোৰ লাৱণ্যৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাতুঁৰি পাৰ হৈছিল ৷ সাপ যেনেকৈ যোগীৰ মন্ত্ৰত মুগ্ধ হয়,মানুহো তেনেকৈ ৰূপত মুগ্ধ হয় ৷ ৰূপৰ বলতে বহুতে বহুত ঠাইত মান আৰু ভক্তি পায় ৷ মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল ৷ ৰূপৰ প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল ৷ গতিকে সেইকাৰণে ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে বুলি কোৱা হৈছে ৷





অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ ঃ

১। কালিৰাম মেধি কিমান চনত জন্ম হয়?


উত্তৰঃ কালিৰাম মেধি ১৮৭৮ চনত জন্ম হয় ৷



২। 'মহাপুৰুষ শংকৰদেৱৰ বাণী' কাৰ ৰচনা?

উত্তৰঃ 'মহাপুৰুষ শংকৰদেৱৰ বাণী' কালিৰাম মেধিৰ ৰচনা ৷



৩। কালিৰাম মেধিৰ মৃত্যু কিমান চনত হৈছিল?


উত্তৰঃ কালিৰাম মেধিৰ মৃত্যু ১৯৫৪ চনত হৈছিল ৷



৪। কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখনমান গ্ৰন্থৰ নাম লিখা৷

উত্তৰঃ কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখনমান গ্ৰন্থৰ নাম- 'অংকাৱলী’, 'প্ৰহ্লাদ চৰিত’, 'মহাপুৰুষ শংকৰদেৱৰ বাণী’ ৷



৫। কালিৰাম মেধি অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল আৰু এই অধিৱেশন কেতিয়া হৈছিল?


উত্তৰঃ কালিৰাম মেধি অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনৰ সভাপতি আছিল আৰু এই অধিৱেশন ১৯১৯ হৈছিল ৷



৬। হোমাৰৰ মহাকাব্য দুখনৰ নাম লিখা৷

উত্তৰঃ হোমাৰৰ মহাকাব্য দুখনৰ নাম- 'ইলিয়াড' আৰু 'ওডিছি' ।

                      ****







চমু প্ৰশ্ন (মূল্যাংক -২
চমু প্ৰশ্ন (মূল্যাংক -২/৩) 








অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ| একাদশ শ্ৰেণীৰ প্ৰশ্নোত্তৰ| Easy Answerr| Class Xi Assamese Answer| All Lesson Assamese Answer

অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ

                                          পদ্মনাথ গোহাঞিবৰুৱা 












( ক ) অতি চমু প্ৰশ্ন ( প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ১ ) 


১। 'অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ' শীৰ্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?


উত্তৰঃ 'অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ' শীৰ্ষক পাঠটি পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী 'মোৰ সোঁৱৰণী’ৰ পৰা সংগ্ৰহ কৰা হৈছে।






২। মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯২১ চনৰ ২১ আগষ্টত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল।



৩। পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা।

উত্তৰঃ 'মোৰ সোঁৱৰণী' পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী।



৪। 'আগৰৱালা পকী’ ক’ত অৱস্থিত?

উত্তৰঃ 'আগৰৱালা পকী’ তেজপুৰত অৱস্থিত।



৫। গান্ধীজীৰ সন্মানাৰ্থে 'পকী’ৰ সন্মুখত আয়োজিত মজ্লিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা।

উত্তৰঃ গান্ধীজীৰ সন্মানাৰ্থে 'পকী’ৰ সন্মুখত আয়োজিত মজ্লিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম হ’ল পদ্মনাথ গোহাঞিবৰুৱা।



চমু প্ৰশ্ন (মূল্যাংক -২অথবা ৩) 


১। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।

উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ'ল - 'গাঁওবুঢ়া' 'টেটোন তামুলী'।



২। পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম লিখা।

উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম - 'বিজুলী', আসাম বন্তি', 'ঊষা'।



৩। পদ্মনাথ গোহঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা।

উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম হ'ল - 'শ্ৰীকৃষ্ণ', ভানুমতী, আৰু 'লহৰি'।



৪। মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক 'Dear Sir' বুলি সম্বোধন কৰি,'Your Excellency'ৰ ঠাইত উকাকৈ অকল 'Your' বুলি চিঠিখনত লিখিছিল।



৫। 'অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ' শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা।

উত্তৰঃ 'অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ' শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম - তৰুণ ফুকন,পদ্মনাথ গোহাঞিবৰুৱা।



দীঘল প্ৰশ্ন (মূল্যাংক -৪/৫) 

১। পদ্মনাথ গোহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল?

উত্তৰঃ গান্ধীজীৰ কীৰ্তি কাহিনীৰ কথা বহুত দিনৰপৰাই গোহাঞিবৰুৱাই শুনি আছিল। দক্ষিণ আফ্ৰিকাবাসী ভাৰত সন্তানৰ দুখ-নিৰ্যাতন মোচন আৰু অভাৱ অভিযোগ নিৰাকৰণৰ অৰ্থে গান্ধীজীৰ অসাধাৰণ কাৰ্য-কলাপ আৰু কৃতিত্বৰ বিষয়ে পঢ়ি-শুনি তেখেতৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা-ভক্তি গোহাঞিবৰুৱাৰ অন্তৰত উপচি পৰিছিল। আমেৰিকাৰ খ্ৰীষ্টিয়ান মিচনেৰী সম্প্ৰদায়ে গান্ধীজীৰ মানৱজাতিৰ মংগলাৰ্থে কৰা অলৌকিক আত্মোৎসৰ্গত বিস্ময় মানি তেখেতক অশেষ প্ৰশংসা কৰিছিল। সেই সম্প্ৰদায়ৰ পুৰোহিত পাদ্ৰীসকলে গান্ধীজীক যীশুখ্ৰীষ্টতকৈও ওপৰ খাপত আসন দিয়া দেখি পদ্মনাথ গোহাঞিবৰুৱা স্তম্ভিত হৈছিল। ভাৰতবৰ্ষলৈ উলটি আহি গান্ধীজীয়ে পৰাধীন স্বজাতি ভাৰতবাসীৰ উদ্ধাৰৰ অৰ্থে বিবিধ বিষয়ক নৈতিক, দৈহিক, সামাজিক, ৰাজনৈতিক দেশহিতকৰ কাৰ্যত আত্মনিয়োগ কৰে। সেয়েহে গান্ধীজীয়ে গৱৰ্ণৰ জেনেৰেল লৰ্ড ৰীডিং চাহাবলৈ ভাৰতবাসীৰ হৈ এখন পত্ৰ লিখে। সেই পত্ৰত গৱৰ্ণৰ জেনেৰেলক 'Dear Sir' বুলি সম্বোধন কৰি, 'Your Excellency'ৰ ঠাইত উকাকৈ অকল 'Your' বুলি লিখা কথাবোৰে গোহাঞিবৰুৱাক বিস্ময়ত পেলাইছিল। গান্ধীজী ভাৰত পৰ্যটনৰ কথা শুনি তেওঁক লগ পাবলৈ পদ্মনাথ গোহাঞিবৰুৱাই উদগ্ৰীৱভাৱে বাট চাই ৰ’ল।



২। গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা।

উত্তৰ ঃ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অপ্ৰতিদ্বন্দ্ববী নেতা মহাত্মা গান্ধীয়ে ১৯২১ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰে। ২১ তাৰিখে তেওঁ তেজপুৰত উপস্থিত হয়। সেইদিনা ৰাতিপুৱা প্ৰায় ৯.৩০ বজাত গান্ধীভাৰী জাহাজখন তেজপুৰ ঘাটত ৰ’ল। পদ্মনাথ সহিতে গোটেই ৰাইজে গান্ধীৰ সম্ভাষণ যাচিলে। গান্ধীয়ে গোহাঞিবৰুৱাক ঘৰতে সূতা কাটি বৈ উলিওৱা খদ্দৰ কাপোৰ ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়ে। তেজপুৰীয়া ৰাইজে শোভাযাত্ৰাৰে গান্ধীক আগবঢ়াই নি আগৰৱালা পকীত জা-জলপানেৰে আপ্যায়ন কৰিলে। কিছুসময় পিছত গান্ধীয়ে স্বৰাজ আৰু অসহযোগ সম্পৰ্কে এটা দীঘলীয়া ভাষণ দি অসমৰ পৰা বিদায় লয়।



৩। গান্ধীজীৰ আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা।

উত্তৰ ঃ ১৯২১ চনৰ ২১ আগষ্টৰ দিনা মহাত্মা গান্ধী যেতিয়া তেজপুৰৰ জাহাজ ঘাটত উপস্থিত হয়, গোহাঞিবৰুৱাই তৎক্ষণাৎ জাহাজত উঠি গান্ধীৰ চাপিল। গান্ধীৰ লগত অসম কংগ্ৰেছৰ নেতা তৰুণ ফুকন আহিছিল। ফুকনে গান্ধীজীক "তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা, ৰায়চাহাব পদ্মনাথ গোহাঞিবৰুৱা" বুলি পৰিচয় কৰাই দিলে। শুনিয়েই গান্ধী জিকাৰ খাই উঠি ক’লে, " আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।" ফুকনে তেতিয়া বুজাই ক’লে যে গোহাঞিবৰুৱা যদিও চৰকাৰী কৰ্মচাৰী তেওঁ কিন্তু ৰাইজৰ হকেহে মাত মাতে। তেতিয়া গান্ধীয়ে ক’লে, "যি হওঁক, আশা কৰোঁ খিতাপৰ কিৰীটিয়ে পাক ঘূৰণি খুৱাই আপোনাক ৰাইজৰ প্ৰতিকূলমুখীয়া নকৰক যেন।" তেতিয়া গোহাঞিবৰুৱাই মূৰ দোঁৱাই সৈমান হ’ল। পদ্মনাথে সেইদিনা পিন্ধি যোৱা কাপোৰ দেখি গান্ধীয়ে শলাগিলে আৰু লাৰি চাই চেলেং কাপোৰৰ সূতা স্বদেশীনে বুলি সুধাত গোহাঞিবৰুৱাই উত্তৰ দিলে, "সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰত বোৱা কাপোৰহে।" তেতিয়া গান্ধীয়ে ঘৰতে সূতা কাটি বৈ উলিয়াব পৰা খদ্দৰ কাপোৰ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়ায়। এই দৰেই দুয়োজনৰ মাজত ভাবৰ আদান-প্ৰদান চলিছিল।



৪। গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মজলিচ বৈঠকৰ আয়োজন কৰিছিল বুজাই লিখা।

উত্তৰঃ ১৯২১ চনৰ ২১ আগষ্টৰ দিনা যেতিয়া মহাত্মা গান্ধী অসম ভ্ৰমণৰ বাবে আহিছিল তেতিয়া গান্ধীজীৰ সন্মানাৰ্থে 'আগৰৱালা পকী'ৰ সন্মুখত সন্ধিয়া সাত বজাৰ পৰা বহল ঘাঁহনি চোতালত দলিচা, সতৰঞ্চি, ত্ৰিপাল, নগাঢাৰি পাৰি মজ্লিচ বৈঠক পতা হৈছিল। নিৰ্ধাৰিত কাৰ্যতালিকা অনুসৰি, টাউনৰ গণ্যমান্য লোকসকল, দূৰৈৰ পৰা আহি অভ্যৰ্থনাত যোগ দিয়াৰাইজৰ নেতা-শ্ৰেণী, ৰাইজৰ এভাগ আৰু টাউনবাসী সৰ্বসাধাৰণ মানুহ চাপি ধীৰে-শাঁতে যথাযোগ্য ঠাইত আসন লৈছিল। মজ্লিচত কিন্তু গোহাঞিবৰুৱাৰ বাদে আন কোনো চৰকাৰী চাকৰিয়াল, পেন্সনীয়া, গৱৰ্ণমেণ্ট খিতাপধাৰী লোক অংশ লোৱা নাছিল।



৫। "আচৰিত,ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে৷" _ এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা।


উত্তৰঃ গান্ধীজী অসম পৰ্যটনলৈ আহোঁতে তেজপুৰ জাহাজঘাটত নমাৰ পিছত মি:ফুকনে গোহাঞিবৰুৱাক তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা বুলি পৰিচয় কৰাই দিছিল। তেতিয়া মহাত্মা গান্ধীয়ে কৈছিল, "আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।" তেতিয়া মি:ফুকনে গান্ধীজীক বুজাই কৈছিল যে, 'ৰায়চাহাব' খিতাপ গোহাঞিবৰুৱাক চৰকাৰে দিয়া হয় যদিও আচলতে তেওঁ ৰাইজৰ উন্নতিৰ হকেহে কাম কৰে।


লেখকৰ পৰিচয়ঃ 



। 'ৰায়চাহাব’ খিতাপেৰে বিভূষিত ব্যক্তিগৰাকীৰ নাম কি?

উত্তৰঃ 'ৰায়চাহাব’ খিতাপেৰে বিভূষিত ব্যক্তিগৰাকীৰ নাম পদ্মনাথ গোহাঞিবৰুৱা ৷



২। পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম ১৮৭১ চনত হৈছিল ৷



৩। পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা আলোচনী কেইখনৰ নাম লিখা৷

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা আলোচনী কেইখনৰ নাম- 'বিজুলী’, 'আসাম বন্তি', 'ঊষা’ ৷



৪। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নাম লিখা৷

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নাম - 'ভানুমতী’ আৰু 'লাহৰি’ ।



৫। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাটক কেইখন কি কি?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাটক কেইখন হ’ল - 'গাঁওবুঢ়া', 'টেটোন তামুলী', 'জয়মতী', 'গদাধৰ', 'সাধনী' আৰু 'লাচিত বৰফুকন' ৷



৬। পদ্মনাথ গোহাঞিবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থ খনৰ নাম লিখা৷

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থ খনৰ নাম - 'শ্ৰীকৃষ্ণ' ৷



৭। 'মোৰ সোঁৱৰণী' কাৰ আত্মজীৱনী?

উত্তৰঃ 'মোৰ সোঁৱৰণী' পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী ৷



৮। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম কি?

উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম পদ্মনাথ গোহাঞিবৰুৱা ৷



৯। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক’ত হৈছিল?

উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ১৯১৭ চনত শিৱসাগৰত হৈছিল ৷



১০। পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু কিমান চনত হৈছিল?


উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু ১৯৪৬ চনত হৈছিল ৷


                         ***

Friday, August 23, 2024

ধনৰ ব্যৱহাৰ|Lesson 1|Easy Answerr| Class 11 Assamese Answer | HS 1st Year Assamese Books Question and Answer | Solution for Class 11 Assamese | সাহিত্য সৌৰভ | 2024 - 2025| |

            ধনৰ ব্যৱহাৰ

                                                 সত্যনাথ বৰা



* অতিৰিক্ত প্ৰশ্নোত্তৰ:

১) সত্যনাথ বৰাক অসমীয়া সাহিত্য জগতত কি বুলি জনা যায়?

উত্তৰ: 'বেকন' বুলি জনা যায়।

২) সত্যনাথ বৰাৰ প্ৰথমখন গ্ৰন্থৰ নাম কি আৰু কেতিয়া প্ৰকাশ পাইছিল?

উত্তৰ: 'গীতাৱলী' আৰু ১৮৮৮ চনত প্ৰকাশ পাইছিল।

৩) সত্যনাথ বৰা কোন যুগৰ কবি আছিল?

উত্তৰ: জোনাকী যুগৰ কবি আছিল।

৪) সত্যনাথ বৰাৰ এখন গীতৰ পুথিৰ নাম লিখা?

উত্তৰ: 'গীতাৱলী'।

৫) সত্যনাথ বৰাই ৰচনা কৰা এখন উল্লেখযোগ্য ব্যাকৰণৰ নাম লিখা?

উত্তৰ: 'বহল ব্যাকৰণ' ।

৬) সত্যনাথ বৰাৰ দুখন প্ৰবন্ধ আৰু সমালোচনা মূলক পুথিৰ নাম লিখা?

উত্তৰ: দুখন প্ৰবন্ধ আৰু সমালোচনা মূলক পুথিৰ নাম হ'ল____

              i) 'সাৰথি' আৰু

             ii) 'চিন্তাকলি' ।

৭) সত্যনাথ বৰাই ৰচনা কৰা অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থখনৰ নাম কি?

উত্তৰ: 'আকাশৰহস্য'।

৮) 'ধনৰ ব্যৱহাৰ' শীৰ্ষক পাঠটি সত্যনাথ বৰাৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?

উত্তৰ: 'সাৰথি' নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে।

৯) সত্যনাথ বৰাৰ তিনিখন আলোচনীৰ নাম লিখা?

উত্তৰ: তিনিখন আলোচনীৰ নাম হ'ল____

         i) 'জোনাকী',

          ii) 'আসামবন্ধু', আৰু

         iii) 'ঊষা' ।

১০) আসাদন বুলিলে কি বুজায়?

উত্তৰ: কোনো সকাম উপলক্ষে বস্তু সংগ্ৰহ কৰাকে আসাদন বুলি কোৱা হয়।

১১)  ধোঁৱা খুলীয়া বুলিলে কি বুজায়?

উত্তৰ: যেতিয়া এজন ব্যক্তিয়ে কোনো ধৰণৰ ভাল বেয়া নাচাই বেছিকৈ খৰচ কৰে, তেতিয়া তাক ধোঁৱা খুলীয়া বুলি কোৱা হয়।

১২) অষ্টম দৰিদ্ৰ বুলিলে কি বুজায়?

উত্তৰ: অষ্টম দৰিদ্ৰ বুলিলে অতি দুখীয়াক বুজায়।

১৩) কুন্ধচ শব্দৰ অৰ্থ কি?

উত্তৰ: কুন্ধচ শব্দৰ অৰ্থ হ'ল দেখিবলৈ বেয়া।

১৪) বজা শব্দৰ অৰ্থ কি?

উত্তৰ: বজা শব্দৰ অৰ্থ হ'ল সন্তানহীন লোক।

১৫) চভিয়া শব্দৰ অৰ্থ কি?

উত্তৰ: চভিয়া শব্দৰ অৰ্থ হ'ল ইন্দ্ৰিয়ৰ।

১৬) সত্যনাথ বৰা দেবৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল?

উত্তৰ:  গুৱাহাটীৰ ভৰলুমুখত আৰু ১৮৬০ চনত।

১৭) সত্যনাথ বৰাই কেতিয়া বি.এল. পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

উত্তৰ: ১৮৮৯ চনত।

১৯০১ চনত প্ৰকাশ পোৱা জোনাকী আলোচনী কোনে সম্পাদনা কৰিছিল?

উত্তৰ: সত্যনাথ বৰাই।

১৮) সত্যনাথ বৰা দেবৰ কেতিয়া মৃত্যু হৈছিল?

উত্তৰ: ১৯২৫ চনত।

         

(ক) অতি চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূলাংক__১) 

১। কৃপণ লোকৰ দুই ধৰ্ম কি কি?

উত্তৰ:লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা।

 ২। অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি?

 উত্তৰ: আয় অনুসৰি ব্যয় কৰাটোৱেই হৈছে অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ।

৩। দৰিদ্ৰ হোৱাৰ চিন কি?

উত্তৰ: আয় অলপ খৰচ সৰহ সেয়েই দৰিদ্ৰ হোৱাৰ চিন। 

৪। মানুহৰ ঋণ কেতিয়া হয় ?


উত্তৰ: মানুহে যেতিয়া উপাৰ্জনতকৈ অধিক মাত্ৰাত খৰচ কৰে তেতিয়া ঋণ ল’ব লগা হয়।




৫) কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা ?


উত্তৰ: খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।

(খ) চমু প্ৰশ্ন। (মূল্যাংক ২/৩)

 ১। ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি ?

উত্তৰ: ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হ’ল -

ক) ধনেৰে সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি।

খ) ধনেৰে আনৰ উপকাৰ সাধিব পাৰি।

২। কৃপণলোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে?

উত্তৰ: কৃপণলোকে আন মানুহে ধন খৰচ কৰিলে সহিব নোৱাৰে কাৰণ কৃপণৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল্য অলপ, গতিকে সি সৰহ কামত অলপ ধন যাচে বা মুঠতে নিদিবলৈ ফাঁকটি কৰে। যাৰ বাবে আন মানুহে ধন খৰচ কৰিলে কৃপণ লোকে সহিব নোৱাৰে।

৩। লেখকৰ মতে কোন দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে ?

উত্তৰ: লেখকৰ মতে সজ-অসজ বৃত্তি দুটা ফলিওৱাৰ বাবে অলপ ধন লাগে। অৰ্থাৎ, দয়া বৃত্তি ফলাব লাগিলেও ধন লাগে আৰু অহংকাৰ বা লোভ ফলাব লাগিলেও ধনৰ প্ৰয়োজন হয়।

৪। কি দুটা কাৰণত মানুহে কৃপণালি কৰে?

উত্তৰ: দুটা কাৰণত মানুহে কৃপণালি কৰে_

i) কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ বাবে কৃপণালি কৰে, আৰু

 ii) কিছুমানে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ বাবেও কৃপণালি কৰে।

৫। কৃপণ আৰু ধোঁৱা খুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা ৷ 

উত্তৰ: কৃপণ আৰু ধোঁৱা খুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা হ'ল__

i) কৃপণৰ হাত বৰ টান, তেওঁলোকে কোনো কাৰণতে ধন খৰচ কৰিব নিবিচাৰে; আনহাতে ধোঁৱা খুলীয়া ই ভাল বেয়া নিবিচাৰি যধে - মধে খৰচ কৰে।

 ii) কৃপণে যিহেতু ধন সঞ্চয় কৰি ৰাখে, সেয়ে তেনে লোক ভৱিষ্যতে দৰিদ্ৰ হোৱাৰ সকাম নাথাকে; আনহাতে ধোঁৱা খুলীয়া লোক ভৱিষ্যতৰ কোনো চিন্তা নকৰি  যধে - মধে খৰচ কৰি এদিন আনৰ ওচৰত হাত পাতিব লগা হয়।

(গ) দীঘল প্ৰশ্ন (মূল্যাংক ৪/৫)

১। অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা ৷ 

উত্তৰ: 'ধনৰ ব্যৱহাৰ' শীৰ্ষক পাঠটি সত্যনাথ বৰাৰ 'সাৰথি' নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে। সত্যনাথ বৰাই 'ধনৰ ব্যৱহাৰ' নামৰ পাঠটিত অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে অতি সুন্দৰ ভাৱে আলোচনা কৰিছে। 

     অশিক্ষিত দুখীয়া মানুহে ধুমধামকৈ খৰচ কৰা দেখিলে বিস্ময় মানে আৰু যি তেনেকৈ খৰচ কৰে তাক বৰলোক বুলি বিবেচনা কৰে। চোৰেও চুৰ কৰা ধন খৰচ কৰি চকুত চমাক লগাব পাৰে। অশিক্ষিত সামান্য মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কাম। সিহঁতে ধনীক যেন ঈশ্বৰ দেখে। ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, কুকামক ধেমালি বোলে আৰু ধনীৰ মাৰ পিটক আদৰ বুলি ভাবে। সিহঁতৰ ভাল বেয়া বোধ নাই, মান অপমানৰ জ্ঞান নাই। আনকি নিৰ্বোধ মানুহৰ প্ৰশংসা পাবলৈ যি নিজৰ হিতাহিত জ্ঞানক ঠেলি থৈ অযুগুত খৰচ কৰি দুখ মাতি আনি এদিন বিপদত পৰিব লগা হয়।

২। অসজ বৃত্তিধাৰী  কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা ৷ 

উত্তৰ: ধনৰ ব্যৱহাৰ' শীৰ্ষক পাঠটি সত্যনাথ বৰাৰ 'সাৰথি' নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে। সত্যনাথ বৰাই 'ধনৰ ব্যৱহাৰ' নামৰ পাঠটিত উল্লেখ কৰা মতে অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালীৰ বিষয়ে তলত আলোচনা কৰা হ'ল__

       অসজ বৃত্তিধাৰী কৃপণ লোকে আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে। ভাল বস্তু খাবলৈ সিহঁতৰ বৰ অভিলাষ, কিন্তু নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সদায় শাক ভাতৰ ব্যৱস্থা, কিন্তু আনৰ ঘৰত উপাদেয় বস্তু নহ'লে ভোজন নকৰে। নিজৰ ঘৰত সদায় এখন আঞ্জা, আনৰ ঘৰত পাঁচখন বিচাৰে।, নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাবে বাট যায়, কিন্তু আনৰ কামত বাহন নহ'লে এখোজো নলৰে। ক'বলৈ গ'লে অসজ বৃত্তিধাৰী কৃপণ লোকে আনৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু যেতিয়া নিজে খৰচ কৰিবলগীয়া হয় তেতিয়া সিহঁতে মোটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধে। এয়াই আছিল অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী।

৩।  ঋনক মানুহে পাপৰ লগত কিয় তুলনা কৰে লিখা ৷ 

উত্তৰ: ঋনক মানুহে পাপৰ লগত কিয় তুলনা কৰে আৰু কওঁতে ঋণ পাপ বুলি কয়, কাৰণ পপীয়া মানুহৰ দৰে ঋণী মানুহেও বহুত লাঞ্ছন ভোগ কৰে। ঋণী মানুহে সমাজত গৰিহণা খায়, মান মৰ্য্যদা হেৰুৱায়, আৰু সিহঁতৰ মনৰ সুখ শান্তিবোৰ নাইকীয়া কৰে। আনকি ঋণক ব্যাধিৰ লগত ৰিজাই, কাৰণ ব্যাধিৰ লগত ঋণৰ বহুত মিল আছে। ব্যাধিয়ে মানুহৰ তেজ মাংস ক্ষয় কৰে, ঋণে মানুহৰ অৱস্থা ক্ষয় কৰে। যিদৰে এবাৰ বেমাৰ হ'লে তাক গুচাবলৈ টান, ঠিক একেদৰে ঋণো এবাৰ হ'লে তাক গুচাবলৈ বৰ টান। ব্যাধি অনুক্ৰমে বাঢ়িলে ঋণো বাঢ়িবলৈ ধৰে। ব্যাধি থাকিলে যিদৰে মানুহৰ শৰীৰৰ কোনো ধৰণৰ উদগতি নহয়, ঠিক একেদৰে ঋণ থাকিলেও মানুহৰ অৱস্থাৰ কোনো ধৰণৰ উদগতি নহয়।

৪।লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা ৷ 

উত্তৰ: পাঠটিৰ আৰম্ভণিতে লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা দিছে এনেদৰে___ ' পৃথিৱিত এনেকুৱা মানুহ বহুত আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুগি থাকে। এইবিলাক মানুহক সাধাৰণত কথাত কৰাইচ , কটকিনা বা কৃপণ বুলি কোৱা হয়। লেখকৰ মতে কৃপণক নিধনী বুলিলে অযুগুত নহয়। কিয়নো চকুৰে দৰ্শন আৰু ভৰিৰে বুলন কাম নকৰিলে তেনে মানুহৰ সেই দুই চভিয়া নাই বুলি ধৰিব পাৰি। সেইদৰে যি মানুহে ধন থাকোঁতে ধনৰ কাৰ্য নকৰে তাক নিধনী বুলিলে যুক্তিৰ দোষ নহ'ব। আচলতে কৃপণৰ ধন, ধন নহয়, ল'ৰাই ওমলা থোৱা খোলাকাটি।

৫। ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ"। - ব্যাখ্যা কৰা । 

উত্তৰ: উদ্ধৃতি দিয়া শাৰীটো আমাৰ পাঠ্য পুথি "সাহিত্য সৌৰভ"ৰ অন্তৰ্গত সত্যনাথ বৰা দেবৰ ৰচিত ' ধনৰ ব্যৱহাৰ ' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

         উক্ত কথাষাৰৰ জৰিয়তে সত্যনাথ বৰা দেৱে কৃপণ লোকৰ ধনৰ প্ৰতি থকা কিছুমান ধাৰণা প্ৰকাশ কৰিছে। কৃপণে কিমান ধন হ'লে সিহঁতৰ অভিপ্ৰায় সিদ্ধ হ'ব সেয়া চাগে নাজানে; কিন্তু সিঁহতৰ গোটেইটো জীৱন কৃপণালী কৰি ধন গোটাওঁতেই যায়। সিহঁতে কেৱল ধনৰ নিমিত্তেই ধন গোটাই, আন একো সিহঁতৰ অভিপ্ৰায় নাই, আনকি ধনৰ দ্বাৰা যে আমি সুন্দৰ আৰু সুখী জীৱন যাপন কৰিব পাৰি সেই কথাও কৃপণে উপলিদ্ধ নকৰে। ধনৰ পৰিমান বাঢ়িলে আনন্দৰ পৰিমানো বাঢ়ে। সিহঁতৰ নামত ধন সুখ ভোগৰ উপায় নহয়, স্বয়ে‍ং ধনেই সুখ। আনকি ধনৰ নামত সিহঁতে উদ্ধাউল হয়, ধনৰ আন ব্যৱহাৰ সিহঁতে নাজানে, ধন চকুৰে চাই থকাই হৈছে কৃপণৰ পৰম সুখ তথা শান্তি।

                 ***








* মই বৰ্তমান দৰং জিলাৰ মংগলদৈৰ ব্ৰিলিয়েন্ট একাডেমী ত পঢ়ি আছোঁ। 


* অসমীয়া মাধ্যমৰ সকলো ধৰণৰ প্ৰশ্নোত্তৰ পাবলৈ মোৰ এই পেজ তথা ৱেবছাইট টো follow কৰিব। 

          👇

Easy Answerr



            Thanks.